চাহ জনগোষ্ঠী নাৰী তুমি বিচিত্ৰ


“ You can’t tell condition of                              A nation by looking all               

The status of it’s woman.”

- Jowaharlal Nehru


       বিশিষ্ট সাহত্যিক ও শিক্ষাবিদ হোমেন বৰগোহাঞি দেৱৰ মতে “তুমি যিটো জনা সেইটোৱে লিখা।“ উক্ত কথাষাৰ সন্মান ও সাৰুগত কৰি মোৰ লেখনিৰ পাতনি মেলিছিলোঁ। মই এগৰাকী বুৰঞ্জী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ছোৱালী। সকলোৰে পৰিচিত চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা  বিশিষ্ট লেখক সমাজকৰ্মী ৰূপে পৰিচিত সন্মানীয় সুশীল কুমাৰ চূডী দেৱৰ একালৰ ছাত্ৰী। তেখেতৰ দ্বাৰা প্ৰকাশিত “সংঘাত আৰু প্ৰত্যয়” পৰা যথেষ্ট উৎসাহ আৰু অনুপ্ৰাণিত হলো। তেখেতৰ তত্ত্ব গধূৰ লেখনী সমূহৰ প্ৰতিটো শব্দই মনৰ মাজত লেখা মেলাৰ পথাৰ খনলৈ জঁপিয়াই পৰিবলৈ অধিক উৎসাহ জাগৃত কৰিলে। 

      ইতিহাস বুলিলে আমি সাধাৰণতে ভাবো যে অতীতত হৈ যোৱা ঘটনা। এই ইতিহাস শব্দই মোৰ মনৰ মাজত খলকনিৰ সৃষ্টি কৰিলে। জানিবলৈ হেপাহ জগৃত হল অসমত বাস কৰা চাহ জনগোষ্ঠী সমাজত নাৰীৰ ভূমিকা সম্পৰ্কে। অধ্যয়ন অব্যাহতৰ মাজত মই লক্ষ্য কৰিলোঁ বৰ্তমান বাস্তৱ ৰূপত নাৰীৰ কৰ্ম জীৱন। নাৰী মানে দেৱী। চাহ জনগোষ্ঠী সমাজৰ এই সকল নাৰী পদে পদে অৱহেলিত, বঞ্চিত, লঞ্চিত, দুখহাৰা, ধৰ্ষণৰ বলি। 

      ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছ সকল অসমত আহিছিল। তেওঁলোক আহি ইয়াত চাহ গছ নামৰ সোণ গুটিৰ বীজ ৰোপন কৰিবলৈ ললে।এই বীজ ৰোপন কৰাৰ অৰ্থে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ জনসাধাৰণৰ আমদানি কৰে। ৰাচি, উৰিষ্যা, ঝৰখণ্ড, বিহাৰ আদি ঠাইৰ পৰা এই লোকসকলক আহি অসমত বাস কৰি সৃষ্টি কৰিলে চাহ জনগোষ্ঠী নামৰ আদিবাসী নতুন সমাজ। বিভিন্ন কলা – সংস্কৃতি, ৰীতি – নীতি, উৎসৱ – পাৰ্বনৰ সমাহাৰে উৎপন্ন কৰিলে এক সৌন্দৰ্য্যময় অলৌকিক সংস্কৃতিৰ। এই সমাজখন পুৰুষ প্ৰধান হলেও কোনো গুনে মহিলাই পিছপৰা নাই।পুৰুষৰ সমানেই মহিলাই কৰি যায় ঘৰৰ,বাগানৰ কাম।এই সমাজখনৰ মহিলা সকলে দৈনন্দিন এটা দিনলিপিৰ দ্বাৰা জীৱন অতিবাহিত কৰে। প্ৰভাতে প্রভাতে নিদ্ৰা দেৱীক বিদায় জনাই গা – পা ধুই পৰিষ্কাৰ হৈ পাকঘৰটো মূচি – কাঁচি ৰন্ধা – বঢ়াৰ বাবে উপযোগী কৰি তোলে। পৰি পাটিকৈ ঘৰ – চোতাল ঝাঢ়ো দি নামঘৰত এগছি বন্তি অৰ্পন কৰে। পৰিয়ালৰ লগতে ৰাতিপুৱাৰ ভাত সাঁজ তিপ্তিৰে গ্ৰহণ কৰে। পুৰুষ আৰু নিজৰ দুপৰীয়াৰ আহাৰ তিফিনত ভৰাই বাগানলৈ যোৱাৰ বাবে সাজু কৰে।নিজ সন্তানক বিদ্যালয়লৈ যাবলৈ অনুমতি দি দিনটোৰ বাবে নিজৰ তেজক পানী কৰাৰ অৰ্থে আগ বাঢ়ি যায়। 

     খোজাত খোজ মিলাই নিয়মাৱলী পালন কৰি মূৰত বিন্দা,পিঠিত টোপা লৈ শাৰী শাৰীকৈ নিজ কৰ্মস্থলী দিশে আগবাঢ়ি যায়। ৰাতিপুৱাৰ সেই দৃশ্য সঁচাকৈয়ে মোহনীয়। মনৰ জোখাৰে ভাত সাঁজ খায় নাখায় কামলৈ ওলাই যায় এক উৎল্লাহিত মিচিকীয় হাঁহিৰে। প্ৰকৃতাৰ্থত মই এই সকল নাৰীক দেৱীতকৈ কোনোগুনেই কম নহয় বুলি কব বিচাৰোঁ।কাৰণ বুকুত বহুতো দুখ কষ্ট লৈও কাৰো আগত ব্যক্ত নকৰি নিজ কৰ্ম কৰি যায়। কেতিয়াবা দেখিবলৈ পোৱা যায় গৰ্ভৱতী মহিলাৰ লগতে বুকুত কেঁচুৱা লোৱা মহিলাই বহুতো গধূৰ কাম কৰিবলৈও কণ্ঠাবোধ নকৰে। পৃথিৱীত অন্যান্য মহিলাতকৈ চাহ জনগোষ্ঠী সমাজখনৰ মহিলা যথেষ্ট কষ্ট সহিষ্ণু, ধৈৰ্য্শীল, স্ব – নিৰ্ভৰশীল নাৰী।অসমৰ আৰ্থিক দিশত চাহ জনগোষ্ঠী নাৰী সকলৰ যিদৰে এক অনবদ্য অৱদান আছে। ঠিক তেনেদৰে সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আদি ক্ষেত্ৰতো এক আৰব নোৱাৰা ভূমিকা আছে। সাধাৰণতে চাহ জনগোষ্ঠী সমাজ বুলিলে বহুতৰে মনত ভাঁহি আহে অপৰিষ্কাৰ, অপৰিকল্পিত, সুৰা প্ৰিয় এখন সমাজ। কিন্তু সঁচা অৰ্থত চাবলৈ গলে কিন্তু ই সম্পূৰ্ণ সত্য নহয়। কাৰণ এই সমাজৰ লোকসকল অতিমাত্ৰা সুৰা পান কৰিব পাৰে কিন্তু এই সমাজখন পৰিকল্পিত নহয়, নহয় অপৰিষ্কাৰ। কাৰণ এই সমাজখনৰ মহিলা সকলে ঘৰ- পৰিবেশ চাফ চিকুনৰাৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰে। সমাজখন কিদৰে পৰিচালিত কৰিব লাগে সেই কথা বহুতৰ পৰা অনুকৰণ কৰে। ধৰ্মীয় ক্ষেত্ৰত এই বাঢ়ি সকল কোনোদিনে পিছপৰি থকা নাই। মাঘ বিহুৰ সময়ত পৰম্পৰাগতভাৱে প্ৰচলিত থকা টুচু পৰৱ, ভাদ মাহত কৰম পৰৱ খুব সুন্দৰকৈ আয়োজন কৰে। জন বিশ্বাস মতে এই পূজা সমূহৰ দ্বাৰা সমাজৰ পৰা অপায় – অমংগল দূৰ হয়, শস্যৰ পথাৰ সেউজী হৈ সোণালী ধাননিৰে পৰিপূৰ্ণ হয়। কৰম পৰৱত এক অলৌকিক প্ৰতিচ্ছবি আমাৰ আগত পদর্শন কৰে। নৃত্য – গীতৰ ক্ষেত্ৰত এই মহিলা সকলৰ অপৰূপ সৌন্দৰ্য্য দেখা যায়।এই ঝুমইৰ নৃত্যৰ বাবে মহিলা সকলে লাল পাৰী বগা শাৰী, খোপাত কাচিফুল, ডিঙিত চন্দ্ৰহাৰ, ভৰিত পয়ৰী আদি ষোল্ল ছিংগাৰ কৰি এক অপৰূপ ভংগীৰে গীত – বাদ্যৰ তালে তালে হাতত হাত ধৰি ঝুম পাতি হৃদয়স্পৰ্শী যোৱা নৃত্য কৰে। এই অলৌককতাৰ দৃশ্যই মানুহৰ মন চুই যোৱাৰ লগতে জাতীয় কৃষ্টি – সংস্কৃতিৰ প্ৰতি থকা দ্বায়িত্ব ও কৰ্তব্যক সুন্দৰভাৱে প্ৰতিফলিত কৰি তোলে। 

     নীয়তিৰ কিযে পৰিহাস। মাত কথাই মানুহৰ শিক্ষা – দীক্ষাৰ পৰিচয় দিয়ে। বিশ্বৰ দৰবাৰত অসমৰ নাম উজ্বলাই তোলা এই মহিলা সকল কিন্তু আজিও হাঁহি মুখৰ পাত্ৰ। বিশ্বৰ অন্যান্য নাৰীতকৈ  কষ্টসহিষ্ণু, কৰ্মঠ তথাপিও ই আজি লাঞ্চিত, বঞ্চিত। প্ৰতিভা আছে, আছে সাহস কিন্তু এই সকলৰ মাজত নাই শিক্ষাৰ শীপাডাল। এই সকলৰ মাজত অভাৱ ভাষাগত জ্ঞান, নাই নতুনত্বৰ কোনো জ্ঞান। যাৰ ফলত সকলো থাকিও একো নথকা সদৃশ। নৈতিকতা কোনো জ্ঞান নোহোৱাৰ বাবে বহু নাৰী উচ্চ ব্যক্তিৰ ভোগৰ বলী হব লগা হয়। 

       গতিকে, এই লেখনিৰ জৰিয়তে মই মোৰ সতীৰ্থ, অনুজ, অগ্ৰজ সকলোকে আহ্বান জনাইছোঁ। সন্মান দিয়ক নাৰী সমাজক, শিক্ষিত কৰক মহিলাক। তেতিয়াহে শিক্ষিত হব এখন ঘৰ, এখন সমাজ, এখন দেশ। সদৌ শেষত, নাৰী তুমি অন্যন্যা। প্ৰণিপাত জনাইছো তোমাক নাৰী। 

📝বহাগী কৰ্মকাৰ

শালকাঠনী, চৰাইদেউ

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post