চাহজনগোষ্ঠী সমাজৰ বাদ্যৰূপে জয়ঢোল (ঢাক)

চাহজনগোষ্ঠী সমাজখন হ'ল অতি পিছপৰা এখন সমাজ । হলেও বৰ্তমান সময়ত পঢ়া শুনাকে আদি কৰি নৃত্য গীত ,খেল ধেমালি আদিৰ দিশতো বহুখিনি আগবাঢ়ি যোৱা দেখা গৈছে । বৃটিছে যেতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা চাহজনগোষ্ঠী সমাজৰ লোকসকলক অসমৰ চাহ খেতিত শ্ৰম  নিয়োজনৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন দি অসমলৈ আনিছিল সেই সময়ত তেওঁ বিলাকে নিজৰ  মাত্ৰ এটাই বস্তু লগত লৈ আহিছিল ।সেইটো হৈছে তেওঁ লোকৰ সংস্কৃতি আৰু পৰম্পৰা সমূহ। সেই সংস্কৃতি সমূহৰ ভিতৰত অন্যতম হ'ল কৰম পূজা ,মনসা পূজা,গ্ৰামপূজা,টুচুপূজা বা পৰৱ ইত্যাদি।এই পূজা সমূহত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰ‌ও আছে যেনে ঢোল,তাল,বাঁহী ,ধামচা (দবা) ,চেহেনাই, জয়ঢোল(ঢাক) ইত্যাদি কিন্তু এইবিলাকৰ ভিতৰত ম‌ই লিখিবলে লোৱা বিষয়টো হ'ল জয়ঢোল (ঢাক)। এই জয়ঢোল (ঢাক)টো ঢোলত কৈ যথেষ্ট ডাঙৰ আৰু ইয়াৰ ওজন বেছি সেয়েহে ইয়াক মাটিত থৈ হে বজাব পাৰি মাজে মাজে ইয়াক কান্ধত উলোমাই লৈও বজোৱা দেখা যায়। এই জয়ঢোল চাহজনগোষ্ঠী  সমাজৰ বিভিন্ন পূজা বিলাকত বজোৱা হয় উদাহৰণস্বৰূপে মনসা পূজাত দেও উঠোতে বজোৱা হয় ,গ্ৰাম পূজাতো সেই দেও উঠোতে বজায়। বিশেষকে জয়ঢোলক চাহজনগোষ্ঠী সমাজৰ বিবাহ অনুষ্ঠানত বজোৱা হয় । চাহজনগোষ্ঠী সমাজৰ বিভিন্ন জাতি উপজাতিৰ  বিবাহ অনুষ্ঠানত বজোৱা হয় কিন্তু গড় সমাজে বিবাহ অনুষ্ঠানত জয়ঢোল নবজায়।জয়ঢোল সকলোৱে নবনাই বা নবজায়ো অকল ঘাচি সমাজৰ লোকসকলেহে ইয়াক বনাই আৰু বজাই গতিকে ইমানখিনি শুভকামত জয়ঢোল প্ৰয়োজন হয় বাবে ইয়াক চাহজনগোষ্ঠী সমাজৰ এক এৰাব নোৱাৰা বাদ্যযন্ত্ৰ বুলি কোৱা হয় ।

📝  ময়ুৰী ৰাজোৱাৰ
শিৱসাগৰ ,নাজিৰা।

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post