চাহ বাগিছাৰ শৈক্ষিক ব্যৱস্থা কেনেকুৱা ?

অসম প্ৰদেশ আজি বিশ্বৰ চোকে কোনে প্ৰসিদ্ধ চাহ খেতিৰ বাবে আৰু অসমৰ সেউজীয়া বাতাবৰণ সৃষ্টি কৰাৰ নগতে আৰ্থিক দিশৰপৰা ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰ এটা মোটা ধন লাভ কৰি আহিছে ৷ যেতিয়া বৃটিছে দেশৰ বিভিন্ন ৰাজ্যৰপৰা শ্ৰমিক চালান কৰি আনিলে ৷ তেতিয়াৰ পৰা ধৰি বৰ্তমানলৈকে নিজৰ তেজক পানী কৰি দুখ , কষ্ট , অভাৱ , অনাটন সহ্য কৰি নিজৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্ম কৌশলেৰে ওখ চাপৰ সমান কৰি যাহ বাগান পাতিলে ৷ এই চাহ শ্ৰমিকৰ কৰ্মপটুতাৰ কোনেও প্ৰসংশা কৰা নাই কিন্ত বাগানৰ কুলি বুলি হীনমন্যতাৰ দৃষ্টিৰে চাই কিছু সংখ্যাক থলুৱা লোকে ৷ প্ৰথমঅৱস্থাত চাহ বাগিছাসমুহত শিক্ষাৰ পোহৰে পৰিবলৈ দিয়া নাছিল সেইয়াই নহয় চাহ বাগিছাসমুহত এখনো  বিদ্যালয়  নাছিল ৷ মালিক পক্ষই চাহ বাগিছাৰ মানুহক দমন কৰি ৰখাৰ মনোবৃত্তিৰে চাহ বাগিছাৰ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰ হবলৈ নিদি মদ,ভাং আদি নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন কৰিছিল ৷ যাতে চাহশ্ৰমিক সকলে জ্ঞানহীন, বিবেকহীন হৈ থাকিব আৰু নিজৰ অধিকাৰৰ প্ৰতি মাত মাতিব নোৱাৰে ৷ দেশ স্বাধীনতা লাভ কৰাৰ পাছৰপৰা চাহবাগিছাত বহুতো সা- সুবিধাৰ লগতে শিক্ষাৰ প্ৰসাৰণ হ'ল ৷ বিদ্যালয় স্থাপনৰ লগেলগে চাহবাগিছাত এক বিৰল পৰিবৰ্তন আহিলে ৷ ঘৰে ঘৰে জ্ঞানৰ শিখা জ্বলি উঠিল ৷ সেই সময়ৰপৰা ধৰি বৰ্তমানলৈকে সকলো চাহবাগিছাত বহু সংখ্যক বিদ্যালয় স্থাপন হৈছেহি আৰু চাহশ্ৰমিক শিক্ষাৰ সাগৰত সাঁতোৰ মাৰি আছে বৰ্তমান প্ৰতিখন চাহবাগিছাৰ ঘৰে ঘৰে কম বেছি পৰিমাণে শিক্ষাৰ্থী ৷ বহুকেইখন চাহবাগিছাৰ বিদ্যালয়ে উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে যৰপৰা একোজনকৈ উত্তম ব্যক্তি ওলাই আহি সমাজত উচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে তেনে এখন বিদ্যালয়ৰ নাম হ'ল দিৰিং চাহবাগিছা প্ৰাথমিক বিদ্যালয় ৷ এইখন বিদ্যালয় চাবলগীয়া ৷ আগতকৈ চাহ বাগিছাসমূহত শিক্ষাৰ্থীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে ৷ আৰু ইয়াৰ মূলতে ২০০৯ চনত বলবৎ হোৱা শিক্ষা অধিকাৰ আইন ৷ এতিয়া বাগিছাৰ মানুহে বুজি উঠিছে বা সজাগ হৈছে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াইছে আৰু নিজৰ পাৰিশ্ৰমিকৰ ৬০ শতাংশ সন্তানৰ উচ্চ শিক্ষাৰ্থে ব্যয় কৰিবলৈ ধৰিছে যাৰ ফলত আজি চাহ বাগিছাৰ শিক্ষাৰ মানদণ্ড উন্নত হবলৈ ধৰিছে আৰু মই আশাম্বিত এদিন চাহবাগিছাৰ এশ শতাংশই শিক্ষিত যুৱ প্ৰজন্মই নিজৰ সপোন দিঠকত পৰিণত কৰাৰ লগতে আদিবাসী চাহজনগোষ্ঠী সমাজক এক সোণালী ভৱিষ্যতৰ দিশত লৈ যাব বুলি ৷ কিন্ত এটা দুখৰ কথা যে এতিয়াও এনে বহুতো চাহ বাগিছা আছে য'ত এতিয়াও শিক্ষাৰ পোহৰ পৰাই নাই তেনেধৰণৰ বাগিছাৰ লোকে এতিয়াও থাম্ব (thumb ) ব্যৱহাৰ কৰে সেইকাৰণে টকা পইচা আৰু প্ৰ-পত্ৰৰ ক্ষেত্ৰত ঠগ খাই ৷ সুবিধাবাদী নেতাসকলে পাৰেমানে ঠগি আহিছে ৷ আৰু এনে কিছুমান চাহবাগিছা আছে য'ত বিদ্যালয় থাকিও আছে গৰু নাবায় হালৰ দৰে হৈ আছে ৷ কাৰণ অঞ্চলটোত বিদ্যালয় থাকিলেই নহব উপযুক্ত আৰু মাত্ৰা অনুসৰি শিক্ষককৰ ব্যৱস্থা যদি নাথাকে আৰু সেই বাগিছাৰ ৰাইজৰ সহযোগ নাথাকে তেনে ক্ষেত্ৰত বিদ্যালয় থাকিও নথকা ধৰণৰ হব ৷ বৰ্তমান সকলো চৰকাৰী বিদ্যালয়তে সৰ্বশিক্ষা অভিযান চলি আছে যিয়ে বিনামূলীয়া নামভৰ্তিৰপৰা ধৰি , পাঠ্যপুথি , ইউনিফৰ্ম তথা মধ্যাহ্নভোজন লৈকে সুবিধা দিছে মাত্ৰ স্কুললৈ গ'লেই হ'ল ৷ গতিকে এয়া এক সোণালী সুযোগ শিক্ষাৰে জীৱনটো উত্তম কৰিবলৈ ৷ চাহবাগিছাৰ শৈক্ষিক দিশটো গত কম বা নোহোৱাৰ প্ৰধান কাৰণকেইটা হ'ল - ভাষাগত সমস্যা , প্ৰচুৰপৰিমাণে মাদক দ্ৰব্যৰ প্ৰচলন , দৰিদ্ৰতা আৰু শিক্ষাৰ বাবে অনুকুল পৰিৱেশৰ অভাৱ ৷ বাগিছা অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ঘৰত যি দোৱান কয় সেই দোৱানৰ লগত পাঠ্যক্ৰমৰ ভাষা সম্পৰ্ক সম্পূৰ্ণ বেলেগ যাৰ ফলত কণ কণ শিশু সকলে বিদ্যগ্ৰহণত এটা বিৰাত বেমেজালিৰ সৃষ্টি হয় ৷ এইক্ষেত্ৰত অৱিভাৱক আৰু শিক্ষক সকলে বিশেষ দায়িত্ববোধ নকৰিলে এই সমস্যাৰ সমাধান নহব ৷ আন এটা দিশত চাহবাগিছাত কাম কৰা শ্ৰমিকৰ বেতনৰ পৰিমাণ বহুত কম এই বেতনে যেন তেন পেটপুৰাই তাতে আকৌ জুই চাই বস্তুৰ দাম গতিকে আৰ্থিক সমস্যা দুৰীকৰণৰ ব্যৱস্থা মালিক পক্ষই বেতন বৃদ্ধি কৰি দুৰ কৰিব পাৰে ৷ তৃতীয় সমস্যাটো হ'ল মাদক দ্ৰব্যৰ প্ৰচলন এনে কিছুমান বাগিছা আছে য'ত সন্ধিয়া নমাৰ লগেলগে সুৰা পান কৰি    বাগিছাৰ লাইনত হুলস্থূলৰ সৃষ্টি কৰে আনকি নিজৰ কণ কণ শিশুক মদৰ ভাটীত মদ আনিবলৈ পঠিয়াই তাতে যদি পত্নীয়ে বাধা দিয়ে তেতিয়া আৰু পত্নীৰ ওপৰত অত্যাচাৰৰ সীমা চেৰাই যায় ৷ গতিকে এই মাদক দ্ৰব্য বন্ধ কৰিবলৈ হ'লে মানুহৰ মাজত মাদক দ্ৰব্যৰ অপকাৰীতাৰ বিষয়ে সচেতনমূলক ( Awarnese ) ৰ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে মদৰ ভাটী চলোৱা মানুহজনক মদৰ ভাটী বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ জাৰি কৰিব লাগে তাৰ আগতে সেইজন মানুহৰ ইয়াৰ বাহিৰে অন্য কোনো বৃত্তি নাই সেই বৃত্তিৰ ব্যৱস্থা কৰি দিব লাগে ৷ এইবোৰ সদস্যৰ অনতিপলমে অন্ত পেলাবলৈ চাহবাগিছাৰ দল সংগঠনৰ লগতে শিক্ষিত নৱ প্ৰজন্মই এইবোৰ সমস্যা নিবাৰণৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ৷ কাৰণ শিক্ষাই একমাত্ৰ আহিলা যাৰ বলত নিজৰ ভাল বেয়া চিন্তা কৰাৰ ক্ষমতা পোৱাৰ ওপৰিও নিৰ্ভয়ে নিজৰ অধিকাৰৰ প্ৰতি মাত মাতিব পৰা মনোবল প্ৰাপ্ত কৰিব পাৰিব ৷

📝দুলাল ৰবিদাস
 নুমলীগড় চাহ বাগিছা
 দুৰভাষ - 6002305269
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post