যোৱাকালি যোৰহাটস্হিত অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ এক প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হয়

চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ আহ্বান মৰ্মে  যোৱাকালি  যোৰহাটস্হিত  অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত এক প্ৰতিনিধিমূলক সভা অনুস্হিত হয়। উক্ত সভাত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সন্মানীয় সভাপতি তথা দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক  শ্ৰীতেৰছ গোৱালা দেৱে সভাপতিত্ব কৰে । সভাত বিভিন্ন জিলাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰাৰ লগতে চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ অধীনস্থ  কেবাটাও সামাজিক সংগঠনে  অংশগ্ৰহণ কৰি সভাপতি ডাঙৰীয়াৰ এই পদক্ষেপক আদৰণী জনায়। সভাত চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ অধীনত সাতটাকৈ ভাতৃ-ভগ্নী মহাসভা গঠনৰ সন্দৰ্ভত  আলোচনা হয় আৰু কৰ্মচাৰী মহাসভা,যুৱ মহাসভা,কৃষক মহাসভা,মহিলা মহাসভা,সাংস্কৃতিক মহাসভাৰ লগতে সৰ্বমুঠ সাতোটা ভাতৃ ভগ্নী মহাসভাৰ গঠনৰ সিদ্ধান্তত উপনীত হয়। সংগঠনৰ কাম-কাজ আগবঢ়াই নিবলৈ একোটাকৈ আহ্বায়ক সমিতি গঠন কৰি এমাহৰ ভিতৰত পূৰ্ণাংগ সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়ে । যুৱ মহাসভাৰ মূখ্য আহ্বায়ক সঞ্জয় কৃষ্ণ তাঁতী ডাঙৰীয়াক আজিৰ এই গুৰুত্বপূৰ্ণ সভা খন আয়োজন সুন্দৰভাৱে কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে  চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সভাপতি শ্ৰীতেৰছ গোৱালা ডাঙৰীয়াই ।  

উক্ত সভাত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শ্ৰীশিৱ প্ৰসাদ বদ্ৰা আৰু জাতীয় মহাসভাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ কালিন্দী উপস্থিত থাকে।

বাতৰি সংগ্ৰহঃ সোণেশ্বৰ গোৱালাৰ ফেচবুক টাইমলাইনৰ পৰা 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post