গৌৰৱময় আৰু চহকী ৰাজ্য হিচাপে গঢ়ি তোলা ’ অসমৰ ন অসমীয়া তথা চাহজনগোষ্ঠীৰ লোকসকলৰ নিজা উৎসৱ পাৰ্বন আছে ৷
অসমৰ সংস্কৃতি ৰীতিনীতি সকলোখিনি আকোঁৱালি লোৱাৰ লগতেওনিজস্ব উৎসৱ পাৰ্বন কলা সংস্কৃতি জীয়াই ৰাখিছে ৷
গতিকে আজি আমি জানিম চাহজনগোষ্ঠীৰ উৎসৱ পাৰ্বন কি কি আছে ৷
চাহজনগোষ্ঠীসকলে পালন কৰা উৎসৱৰ ভিতৰত কৰম পৰৱ , টুচু পৰৱ
আৰু চড়ক পৰৱ বা চৈত পৰৱ এই তিনিটা উৎসৱৰ ভিতৰত কৰম পৰৱক প্ৰধান কৰি আজিৰ আলোচনা আগবঢ়াইছো ৷ বাকী উৎসৱৰ বিষয়ে পৰৱৰ্তী খণ্ডত আলোচনা কৰিম আশা ৰাখিছো অসমৰ চাহজনজাতিসকলৰ এই উৎসৱৰ বিষয়ে জানি আপোনাক ভাল লাগিব তেনেহলে আহক কৰম পৰৱ কি আৰু কেনেকৈ ৷ কেতিয়া উদযাপন কৰা হয় জানোহক ৷
কৰম পৰৱঃ ভাদমাহটো চাহজনজাতিৰ বাবে উল্লাস আৰু আনন্দৰ সময় কিয়নো এই মাহত ধুমধামেৰে কৰম পৰৱ পালন কৰা হয় ৷ কৰম পৰৱৰ প্ৰথমে ঝৱা তোলা হয় এই ঝৱা তোলা কামটো সাতজনী ছোৱালীয়ে সম্পূৰ্ণ ৰীতিনীতিৰে কৰে ৷ নৈৰপৰা পাচীত বালি ভৰাই আনি বুটমাহ , ধান জাতীয় শস্য ৰুই এসপ্তাহ ধৰি ঝৱা জগাই আহলবহল ঠাইত থাপনা পাতি তাতে
ঝৱাৰ পাচী থৈ ঝুমেইৰ গাই গাই ঝৱাৰ চাৰিওপিনে ঘূৰি ঘূৰি নাচে ৷
সপ্তম দিনা কৰমীসকল উপৱাসে থাকি সন্ধিয়া সময়ত কৰম ডাল আনি পুতাৰ (ৰোপণ)পাছত
কাহিনী বুঢ়াই কৰমা আৰু ধৰমাৰ কাহিনী শুনাই তাৰপাছত ওৰেৰাতি ঝুমেইৰ গীত গাই গাই কটাই ৰাতিপুৱা। সময়ত নৈত গৈ কৰম ৰাজাক বিসৰ্জন দি ৰাতি লৈ গাঢ়া তোলা পাতে ৷
এইয়া আছিল কৰম পৰৱ কেনেকৈ উদযাপন কৰা হয় তাৰ এটা চমু আভাস এতিয়া আমি জানিম এই কৰম পৰবত ব্যৱহাৰ হোৱা ঝুমেইৰ গীত আৰু ঝুমেইৰ নৃত্যৰ বিষয়ে ৷
কাহিনী বুঢ়াই যেতিয়া কাহিনী সামৰে আৰু ঝুমেইৰ গীত এটি গাই এই গীতটি হ’ল -
আখৰা বন্দনা কৰি
সৰস্ততী মাইগ বলি
আখৰা বন্দনা ব্ৰজ নাৰী
মদনে ঝুমেইৰ লাগল ভাৰী ৷
লগে লগে মাদলে ছেও ধৰি কৰমতীসকলে হাতে হাত ধৰি শাৰী পাতি কৰম ডালৰ চাৰিওপিনে নাচে৷
ৰাতিপুৱা নৈত কৰম ডাল বিসৰ্জন দিওঁতে এই গীত গাই –
আাইজ ৰে কৰম ৰাজা
ঘৰে দুৱাৰে
কাইল ৰে কৰম ৰাজা
সাত নদীৰ পাৰে ৷
আপোনাক জনাই দিওঁ যে কৰমডাল হিচাপে "চিকা মৰলীয়া "গছ ব্যৱহাৰ কৰা হয় ৷
সাধাৰণতে কৰম পৰৱ তিনিটা আৰু এয়া তিনিটা বেলেগ বেলেগ মাহত পালন কৰা হয় এইয়া হৈছে
১/ জীতিয়া কৰম ( ভাদমাহৰ শুক্লা একাদশীত )
২/ বুঢ়ী কৰম ( আহিন মাহৰ বিজয়া দশমীত )
৩/ ৰাস ঝুমুৰা ( আঘোণ মাহৰ পূৰ্ণিমা তিথিত ৷
ঝুমেইৰ নৃত্য কৰম পৰবৰ প্ৰধান অংশস্বৰূপ ৷এই নৃত্য স্ত্ৰী প্ৰধান হলেও পুৰুষেও অংশ গ্ৰহণ কৰে এই নৃত্যত ঢোল , মাদল , বাঁহী , কৰতাল আদি
বাদ্যযন্ত্ৰ প্ৰয়োগ কৰা হয় কিন্তু আধুনিকতাবাদৰ প্ৰভাত পাশ্চাত্য বাদ্যযন্ত্ৰও ঝুমেইৰ নৃত্যত ব্যৱহাৰ কৰা দেখা যায় ৷ ঝুমেইৰ নৃত্যত ডেকাসকলে গীত শেষ কৰাৰ লগে লগে গীতৰ অন্তিম দুশাৰী পুনৰাবৃত্তি কৰি তালে তালে নাচনীহঁতে নাচে ৷
নাচনীহঁতে প্ৰথমজনীয়ে দ্বিতীয়জনীৰ বাওঁহাতৰ আঙুলিত নিজৰ সোঁহাতৰ আঙুলিবোৰ সোমাই নৃত্য কৰে ৷
প্ৰথমজলীক আগলী দাড়ী বোলে ৷
এই নৃত্যৰ ধাৰা দুটা দ্ৰুত আৰু ললিত
এই অংশত বাদ্যৰ ছেও সলনি হয় আৰু নাচনীয়ে অধিক ককাল হলাই ৷
ঝুমেইৰ গীতৰ বিষয়বস্ত হিচাপে কৃষ্ণৰ বাল্যকাল , ৰাসক্ৰীড়া , গোপ গোপীসকলৰ আৰু কাত্যায়নী এইয়া হৈছে মুখ্য ৷ আৰু আন বিষয় হিচাপে প্ৰেমপ্ৰীতি , জীৱনৰ দখ বেদনা, আশা ,হতাশা আদিক লৈও ঝুমেইৰ গীত গোৱা হয় ৷ এইয়া হৈছে মনোমোহা ঝুমেইৰ নৃত্য ৷
শেষত দুই কলি ঝুমেইৰ গীতৰ সৈতে
আজিৰ আলোচনাৰ ইমানতে অন্ত পেলাও -
কুইলো কুইলো হাঁইক দেল
কুইলো কাঁহা গেইল ৰে
কুইলো কুইলো ৰে
আম্বা তলে ভেলাই ভিনচাৰ ৷
লিখক – দুলাল ৰবিদাস
দুৰভাষ - 6002305269