মাঝি ,ৰাউতীয়া , তেলী , মুন্দা আদি সম্প্ৰদায়ৰ লোকসকলে চ'ত বহাগ মাহত ঘৰে ঘৰে চাৰুল পূজা নামৰ উৎসৱ পালন কৰে । এই উৎসৱ দুদিনীয়াকৈ পালন কৰা হয় । প্ৰথম দিনা ন - বিধ তৰকাৰীৰে আহাৰ খোৱা " ন -খোৱা উৎসৱ " আৰু দ্বিতীয় দিনা ফুল পূজা পতা হয় । ফুল পুজাত ঘৰে ঘৰে ফুল আৰি দিয়া হয় । লগতে তেওঁলোকে নিজেও কাণত ফুল গুজি লয় । এই উৎসৱত ফাগুৱা পৰৱৰ নিচিনাকৈ ইজনে সিজনৰ গালৈ পানী , বোকা আদি ছটিয়া কৰি খেলা কৰে । এইদৰে চাৰুল পূজা পালন নকৰা কোনো - কোনোৱে ফাগুন মাহত ফাগুৱা পৰৱত সাধাৰণতে ভাগ নলয় । তেওঁলোকে বিশ্বাস কৰে যে চাৰুল পূজা নপতাকৈ ফাঁকু খেলিব নাপায় ।
বিদ্ৰঃ এই লিখনিটো " অসমৰ চাহ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি " নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে ।