সূৰ্যাহী পূজা গীস্ম ঋতুত উদযাপিত হয় । ই এক ঘৰুৱা পূজা । বছৰে বছৰে এই পূজা কৰা নহয় । কিছুমানে এই পূজা পাঁচ বছৰৰ মূৰত আৰু কিছুমান বাৰ বছৰৰ মূৰত এই পূজা পাতে । এই পূজা ঘৰত কৰা নহয় । হাবিৰ মাজত নাইবা নৈৰ পাৰত এই পূজা পাতে । বেলি ওলোৱাৰ লগে লগে পূজাৰ কাম আৰম্ভ কৰা হয় আৰু দুপৰীয়া ভিতৰতে সকলো কাম শেষ কৰা হয় । পূজাৰ দিনা পূজা কৰা ঘৰৰ গৃহস্থ আৰু গৃহস্থনী দুয়ো উপবাসে থাকে । ইয়াক কিছুমানে " উষা পূজা " বুলি কয় । সেয়ে পূজাৰ থলীতে সকলো বস্তু খাই বৈ শেষ কৰি আহে । পূজাৰ পৰা ঘূৰি আহি ঘৰ সোমাওতে গৃহস্থই হাতত এঘটি পানী লৈ আঠু কাঢ়ি কাঢ়ি গৃহ প্ৰৱেশ কৰে । এই পূজা পাতিলে ভূত - প্ৰেত , অপায় , অমংগলৰ পৰা ঘৰখন ৰক্ষা পৰি থাকে বুলি তেওঁলোকে বিশ্বাস কৰে । এই পূজা কৰা লোকসকলে সদায় গা-পা ধুই উঠি সূৰ্যৰ ফালে মুখ কৰি সূৰ্য্য দেৱতাক প্ৰণাম কৰে ।