দূৰ্গা পূজা

দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্রী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ। এই উৎসৱক নৱৰাত্রী বুলিও জনা যায়;পশ্চিম বংগ,অসম,বিহাৰ,উৰিষ্যাত,ঝাৰখাণ্ডত দুৰ্গা পূজা বহুলভাৱে উদযাপন কৰা হয়;উত্তৰ ভাৰতত নৱৰাত্রী হিচাপে পালন কৰা হয়।দুৰ্গা পূজা শৰৎ(আহিনত) আৰুু বসন্ত (চ'ত) ৰ শুক্লাপক্ষত অনুষ্ঠিত হয়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে আৰু বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষ টোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ।
সংগ্ৰহঃ অসমীয়া উইকিপিডিয়া

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

2 Comments

Post a Comment
Previous Post Next Post