গৰয়া পূজা বা সাঁহৰাই পৰৱ

আদিবাসী চাহ জনগোষ্ঠীৰ অন্য এক পূজা হ'ল , "গৰয়া" বা "সাঁহৰাই পৰৱ" । ইয়াৰ প্ৰধান উদ্দেশ্যই হ'ল , গো (গৰু)সেৱা কৰাটো । সাধাৰণতে কাতি মাহৰ আমাৱস্যাৰ পাছত ওলোৱা ন-জোনৰ দিনা এই পূজা অনুষ্ঠিত কৰা হয় । গৰুক গা ধুৱাই , তেল হালধীৰে গা ঘঁহি দিয়ে আৰু ৰুটি -পিঠাৰে গৰুক অপ্যায়িত কৰে । গৃহস্থই নৱ বস্ত্র পৰিধান কৰি গৰুৰ লগতে নাঙল, যুঁৱলি, মৈ আদিক ধুই পখালি তেল ,সেন্দুৰ লগাই 'চুমানৰ'দ্বাৰা আৰতি সমাপন কৰে । ঘৰুৱা জীৱনত গো জাতিৰ অপৰিহাৰ্য্যতাৰ হেতুকেই হিন্দুসকলে গো জাতিক শ্ৰেষ্ঠ স্থান দি আহিছে । লোকাচাৰেই হওক বা বেদাচাৰেই হওক গৰয়া পূজাৰ মাধ্যমত গো পালনত ভক্তি ভাৱৰ ধাৰা এটি যে চিৰকালেই আদিবাসী চাহ জনগোষ্ঠীৰ সমাজত প্ৰবাহিত হৈ থাকিব ই ঠিক ।

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post