চাহ বাগিচাত প্ৰাথমিক শিক্ষাৰ গুৰুত্ব আৰু সমাজ সচেতনতা

আজি বহুসময়ত আলোচনাৰ মজিয়ালৈ অহা এটি বিষয় হৈছে চাহ বাগিচাৰ শৈক্ষিক ক্ষেত্ৰখন বহুতে কব বিচাৰে চাহ বাগিচাৰ সমাজখন আজি সকলো দিশতে আজি যথেষ্ট আগবাঢ়িব সক্ষম হৈছে । বহুকেইজন আজি ডক্টৰেট , ডাক্তৰ , ইন্জিনিয়াৰিং বা উচ্চ শিক্ষাৰে শিক্ষিত হৈ প্ৰতিষ্ঠিত হৈছে বা শিক্ষাৰ ক্ষেত্ৰত কিছু উল্লেখযোগ্য অৱদান আগবঢ়াব সক্ষম হৈছে । কিন্তু এয়াই জানো যথেষ্ট ? চাহ বাগিচাৰ সমাজখনক এতিয়াও আগবাঢ়ি যোৱা বুলি কব পাৰিনে? যদি ৫০ লাখ জনসংখ্যাৰ পৰা যদি ১০% প্ৰকৃত শিক্ষাৰে শিক্ষিত হলেই যদি উন্নত হোৱা বুলি ধৰি লব পাৰি তেনে উপৰোক্ত কথাষাৰ সঁচা বুলিব পাৰি । চাহ বাগিচাৰ সমাজখন পোহৰ হবলৈ এতিয়াও বহুদূৰ বাকী । সমাজখনৰ উন্নতি আৰু শিক্ষাৰ লগত এক নিবিড় সম্পৰ্ক আছে । প্ৰকৃত শিক্ষাই কেৱল ব্যক্তিত্বৰ বিকাশ আৰু বুদ্ধিমত্তা বঢ়োৱাত সহায় নকৰে , তাৰোপৰি ব্যক্তিজনৰ উৎপাদন ক্ষমতা আৰু কায্যাক্ষমতা বঢ়োৱাতো সহায় কৰে । অৰ্থাৎ শিক্ষাৰ লগতে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ কথাও জড়িত হৈ থাকে সেইবাবে (১৯৬৪-১৯৬৬) কোঠাৰী কমিচন আয়োগে গুৰুত্ব আৰোপ কৰিছিল সমাজৰ সকলোৱে অন্ততঃ প্ৰয়োজনীয় মানদন্ডৰ শিক্ষা পোৱাটো উচিত । শিক্ষাৰ অৰ্থ নাই যদিহে ইয়াৰ উচিত কামত ব্যৱহাৰ কৰা নাই । আৰ্থসামাজিক উন্নতি হবলৈ হলে mass education and literacy বহুত  প্ৰয়োজন   ।

       শিক্ষাৰ বহল ভেটিখন আলোচনা কৰিবলৈ যাওঁতে আহিপৰে প্ৰাথমিক শিক্ষাৰ কথা ।  প্ৰাথমিক  শিক্ষাৰ অবিহনে কোনো পৰ্যায়তে শিক্ষা গ্ৰহণ সম্পূৰ্ণ হব নোৱাৰে কথাএষাৰ আছে বাঁহ কুমলীয়াতে ভাঁজ দিব পাৰি যদি লৰা - ছোৱালীক শিশু অৱস্থাতে সঠিক দিশত ধাউতি নিয়াব পাৰি তেন্তে ভৱিষ্যতে তাৰ গুণগত পৰিমাণ আশা কৰিব পাৰি । ( প্ৰাথমিক শিক্ষাই হৈছে শিক্ষাজীৱনৰ মূল ভেটি )। তেনেস্থলত প্ৰাথমিক শিক্ষাৰ গুৰুত্ব অসীম । চাহ বাগিচা অঞ্চলত বা লোকসকলৰ মাজত এক প্ৰধান সমস্যা হৈছে  প্ৰাথমিক শিক্ষাৰ গুৰুত্ব । যিহেতু সমাজখনৰ অধিকাংশ লোকেই ঘৰ অৰ্থাৎ অভিভাৱকসকল উপযুক্ত শিক্ষা গ্ৰহণেৰে শিক্ষিত নহয় গতিকে তেওঁলোকে যিদৰে ঘৰুৱা পৰিবেশ এক গঢ়ি তুলিব পাৰিব লাগিছিল সেয়া হোৱা দেখা নাযায় । তেনেস্থলত প্ৰাথমিক বিদ্যালয়ৰ মজিয়া খনেই কণ কণ শিশু সকলৰ শিক্ষাৰ প্ৰতি ধাউতি জনোৱাৰ ক্ষেত্ৰত প্ৰধান আহিলা এই পটভূমিৰ ভিত্তিতে চাহ বাগিচা অঞ্চলত প্ৰাথমিক শিক্ষাৰ গুৰুত্ব তথা বিদ্যালয়ৰ ভূমিকা অপৰিসীম ।
   
        চাহ বাগিছা অঞ্চলত ব্ৰিটিছ যুগৰে পৰা কিছু প্ৰথা অাজিও চলি অাছে। পুৱা সাত বজাৰ কলঘৰৰ চাইৰেণৰ শব্দ, বাগানৰ লাইনত কোনোবা চৰ্দাৰে অাহি অাজি অমুক নং বাগানত পাত তোলা অাছে, অমুক নং বাগানত কোৰ মৰা অাছে অাদি ঘটনাবোৰ অাজিও চলি অাছে। পৃথিৱীৰ কিছুমান চিৰন্তন সত্যৰ পৰিৱৰ্তন নোহোৱা নিয়মৰ দৰেই চাহ বাগিছাবোৰতো এনেধৰণৰ অলিখিত নিয়ম কিছুমান তাহানি ব্ৰিটিছ যুগৰে পৰা অাজিও হীন-দেড়ি নোহোৱাকৈ চলি অাছে। পুৱা সাত বজাতে ঘৰৰ মাক-দেউতাকে নিজৰ ল'ৰা-ছোৱালীক যিকোনো পৰিস্হিতিতে পুৱা ৯ বজাৰ বিদ্যালয়লৈ পঠিয়াই দিব নোৱাৰে। তেনেস্হলত ইয়াৰ বাবে এক বিশেষ ব্যৱস্হা লোৱাৰ প্ৰয়োজন অাছে। যিহেতু সমগ্ৰ দিনটোৰ বাবেই ল'ৰা-ছোৱালীখিনি অভিভাৱকহীন হৈ পৰে গতিকে বেমেজালি হোৱাটোৱে স্বাভাৱিক। এই সমস্যা অাঁতৰ কৰাৰ মূল উপায় হৈছে চাহ বাগিছা অণ্ঞ্ছলত থকা বিদ্যালয়বোৰৰ পাঠদানৰ সময় সূচী সলনি কৰা অথবা বাগিছাৰ কামৰ সময় সলনি কৰা। যদি ঘৰখনৰ পুৰুষ-মহিলা উভয়ে বাগিছাৰ কামৰ লগত জড়িত তেন্তে অন্তত: মহিলা গৰাকীৰ বাবে কামৰ সময় ৯ বজাত কৰিব লাগে। তেতিয়া তেওঁ ল'ৰা-ছোৱালীখিনিক বিদ্যালয়লৈ পঠাব পাৰিব। সময়ৰ এইখিনি কথা যদি উপলব্ধি কৰি কিছু পৰিৱৰ্তন অনা নহয় তেন্তে সমাজখনৰো পৰিৱৰ্তন অাশা কৰাটো ভুল হ'ব।

      বহুসময়ত মন কৰা যায়, বিদ্যালয়ৰ নিৰস পৰিৱেশো শিশুসকলক বিদ্যালয়ৰ প্ৰতি অাগ্ৰহী কৰাত ব্যৰ্থ। এখন প্ৰাথমিক বিদ্যালয়ত যিধৰণৰ অান্ত:গাঁথনি থকাৰ প্ৰয়োজন তাৰ বাৰুকৈয়ে অভাৱ। বিদ্যালয়ত উপযুক্ত পৰিমাণৰ ক্লাছ ৰুমৰ ব্যৱস্হা, শিক্ষণৰ বাবে নতুন পদ্ধতি অাৰু সজুঁলি, খেল-ধেমালিৰ বাবে খেলপথাৰ অাৰু খেলা সামগ্ৰী, খোৱাপানীৰ সু-ব্যৱস্হা, প্ৰস্ৰাৱগাৰ ব্যৱস্হা অাদিৰ বিভিন্ন দিশত বহুত পৰিমাণে পিছ পৰি থকা যেন অনুভৱ হয়। তদুপৰি ছাত্ৰ -শিক্ষকৰ অনুপাত বিদ্যালয়বোৰত গভীৰ সমস্যা। বহুতো চাহ বাগিছা অঞ্চলত দেখা যায় যে কেৱল মাত্ৰ এজন বা দুজন শিক্ষকেই বিদ্যালয় চলাই অাছে। এইধৰণৰ ব্যৱস্হাই কেতিয়াও গুণগত মানদণ্ড বৰ্তাই ৰাখিব নোৱাৰে। শিক্ষাৰ অধিকাৰ অাইন, ২০০৯ এই বিদ্যালয়বোৰত কিমান পৰিমাণে প্ৰয়োগ হৈছে সেয়াও মন কৰিবলগীয়া কথা।
       বৰ্তমান চাহ বাগিচা অঞ্চলৰ বহু লৰা -ছোৱালীয়ে নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে । সমাজখনৰ বাবে আশাৰ ৰেঙনি , কিন্তু এয়া সম্ভৱ হৈছে মাথোঁ অভিভাৱক সকলৰ সচেতনতাত  । অভিভাৱক সকলে তেওঁলোকৰ লৰা - ছোৱালীক পঢ়া -শুনাৰ এক পৰিবেশ প্ৰদান কৰিব সক্ষম হৈছে । অৱশ্যে ইয়াৰ ব্যতিক্ৰম নোহোৱাও নহয় । কিন্তু এক বৃহৎ পৰিবৰ্তনৰ কথা চিন্তা কৰিলে সামাজিক ভাবে এক সচেতনতা অনাৰ প্ৰয়োজন কেৱল প্ৰাথমিক শিক্ষাৰ দেওনাই নহয় , শিশু সকলে নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি যাতে নিজকে সামাজিক ভাৱে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে সামাজিক সচেতনতাৰ প্ৰয়োজন  । এইক্ষেত্ৰত যিসকল প্ৰতিষ্ঠিত ব্যক্তি , সমাজখনত থকা বহু বাধা অতিক্ৰম কৰি সফলতা অৰ্জন কৰিব সক্ষম হৈছে , তেওঁলোকৰ বৃহৎ কৰণীয় কাম আছে । যিবিলাক জাতীয় সংগঠন আছে এই সমাজখনৰ লগত , তেওঁলোকে অগ্ৰনী ভূমিকা লোৱা উচিত । শেষত চৰকাৰৰ যি আঁচনি আছে সেইবোৰ আঁচনি ফলপ্ৰসূভাৱে প্ৰয়োগ হৈছে নে নাই সেই কথাবোৰো সমাজখনৰ শিক্ষিত ব্যক্তিসকলে বিচাৰ কৰাৰ প্ৰয়োজন আছে । আজি গণতান্ত্ৰিক দেশ এখনত স্বাধীনতাৰ অত' বছৰৰ পিছতো চাহ বাগিচাৰ লোকসকলক (পিছ পৰি থকা ) আগবঢ়াই নিবলৈ হলে সচাকৈয়ে সমাজখনত এক বৃহৎ সচেতনতা তথা গণশক্তিৰ প্ৰয়োজন ।
--------------------------------------------------------

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post