টাটা টি গ্ৰুপৰ Amalgamated Plantation Privete Limited য়ে অসম আৰু পশ্চিমবংগৰ ২৫ খন চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ মাজত আয়োজন কৰা পাত চিঙা প্ৰতিযোগিতাত নামৰূপ চাহ বাগিচাৰ ইন্ধ তাঁতী আৰু চিত্ৰ তাঁতীৰ কন্যা পিংকী তাঁতীয়ে তৃতীয় স্থান দখল কৰি মান পত্ৰ ও নগত ৫০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰি নামৰূপ চাহ বাগিচালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । পিংকী তাঁতীৰ বাসগৃহত নাহৰকটীয়াৰ আছাৰ কাৰ্যকৰ্তাসকল উপস্থিত হৈ পিংকী তাঁতীক সম্বৰ্ধনা জনায় আৰু শ্ৰমিকসকলৰ মাজত এনেধৰণৰ কৰ্মৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে টাটা টি গ্ৰুপক ধন্যবাদ জনায় । চাহ বাগিচা বিলাকত শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ বাবে আৰু বাগিচা অঞ্চলৰ উঠি অহা নৱ প্ৰজন্মৰ শৈক্ষিক,ক্ৰীড়া, সাংস্কৃতিক ইত্যাদি দিশত সৰ্বাঙ্গীন উন্নয়নৰ বাবেও ইতিবাচক ভূমিকা পালন কৰিবলৈ আছাৰ কাৰ্যকৰ্তাসকলে টাটা টি গ্ৰুপক আহ্বান জনায় ।