অতিশীঘ্ৰেই শ্ৰমিক কৰ্মচাৰীসকলৰ নিম্নতম মজুৰি চূড়ান্ত হোৱাৰ সম্ভাৱনা

আজি ইং ১১মে' ২০২২ তাৰিখে শ্ৰম আৰু কল্যাণ মন্ত্রী সঞ্জয় কিষাণ ডাঙৰীয়াৰ  অধ্যক্ষতাত গুৱাহাটীৰ ৰূপনগৰৰ চাহ জনজাতি কল্যাণ সঞ্চালক সভাগৃহত নিম্নতম মজুৰি উপদেষ্টা মণ্ডলীৰ ওপৰত এখন বৈঠক অনুষ্ঠিত হয় য'ত শ্ৰমিক/কৰ্মচাৰীসকলৰ মজুৰি, পেঞ্চন আদি সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰা হয় । উক্ত সভাত নিম্নতম মজুৰি চূড়ান্ত কৰিবলৈ এমাহৰ ভিতৰত সমিতি গঠন কৰাৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্রী সঞ্জয় কিষাণ ডাঙৰীয়াই। উক্ত বৈঠকত শ্ৰম কল্যাণৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, শ্ৰম আয়ুক্ত অনামিকা তিৱাৰী ডাঙৰীয়ানি, চাহ জনজাতি কল্যান পৰিচালক ভাস্কৰ ফুকন ডাঙৰীয়া, উপ শ্ৰম আয়ুক্ত ঈশানু শ্বাহ ডাঙৰীয়ানিৰ লগতে আন বহু বিভাগীয় জেষ্ঠ বিষয়া আৰু বিভিন্ন কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছিল ।

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post