চাহ জনগোষ্ঠী সম্বন্ধীয় কেইটামান কুইজ

◾কিমান চনত সৰ্বপ্রথম অসমৰ চাহ বাগিচাত কাম কৰিবৰ বাবে চোটনাগপুৰৰ পৰা শ্ৰমিক আমদানি কৰা হৈছিল?
উঃ ১৮৩৭ চনত ।

◾চহঁৰাই পৰৱত গো - বন্দনাৰ উদ্দেশ্যে চাহ জনগোষ্ঠীৰ পুৰষসকলে ঘৰে ঘৰে গৈ ঢোল বাদ্য লৈ দল বান্ধি হুচৰি গাই গো- জাগৰণি কৰোতে গোৱা গীতক কি বুলি কোৱা হয়?
উঃ জাহালী গীত ।

◾পূৰ্বতে চাহ জনগোষ্ঠীৰ মহিলাসকলে হাতে ভৰিয়ে সম্প্ৰদায় অনুসৰি নানা ধৰণৰ চিত্ৰ অংকন কৰি লোৱাৰ নীতি আছিল । কি বুলি কোৱা হয় এই নীতিক ?
উঃ খদা বা খদনা ।

◾অসম চাহ জনজাতি ছাত্র সন্থা কিমান চনত গঠন কৰা হৈছিল ?
উঃ ১৯৪৭ চনত  ।

◾টুচু পৰৱ বা পুষ পৰৱ কেতিয়া পালন কৰা হয়? 
উঃ মাঘ মাহৰ মকৰ সংক্ৰান্তিত এই পৰৱ পালন কৰা হয় ।


Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post