গাৰ্ডেন শ্ব আৰু কিছু অভিজ্ঞতা

স্নেপশ্বট-১
ডেকা হবলৈ লোৱা সময়ৰ কথা। মানে ১৯৮০ ৰপৰা ১৯৯০ চনৰ কথা। আমাৰ ঘৰ জোঁকতলী চাহ বাগিচাৰ ওচৰৰে খামন গাঁৱত। সৰুৰে পৰা বাগানৰ পৰিবেশতে ডাঙৰ দীঘল হোৱা। বাগানৰ ক্লাব ঘৰত মাথো এটা টিভি আছিল। সেই সময়ত ৰামায়ণ, মহাভাৰত চাবলৈ দৰ্শকৰ হেতা ওপৰা। চিৰিয়েল আৰম্ভ হল বুলি কোৱাৰ লগে লগে কৰ পৰা মানুহ আহি যায় কোনেও গমকে নাপায়। মইয়ো ব্যতিক্ৰম নাছিলো। হাতৰ কাম ঠাইতে পেলাই হাফ পেডেল মাৰি মাৰি গৈ ৰামায়ণ মহাভাৰত চাইছিলো বাগানৰ ক্লাব ঘৰত কাৰণ আমাৰ গাঁওত টি.ভি নাছিল। বাগানৰ ক্লাবঘৰত যিটো টিভি আছিল তেনেই সৰু। তথাপিও জিলমিলকৈ ওলাই থকা ছবি, মাত শুনিয়েই সান্ত্বনা লভিছিলো। পূজাৰ সময়ত বহুত ভাল লাগিছিল। বিশেষকৈ দুৰ্গা পূজা আৰু কালী পূজাত। কাৰণ দূৰ্গা পূজা আৰু কালী পূজা বুলিলেই চিনেমা বা গাৰ্ডেন শ্ব। যিহেতু ডেকা হৈ উঠিছিলো গতিকে চিনেমা চোৱাতো নিয়মত পৰিণত হৈছিল। গাৰ্ডেন শ্বত কি চিনেমা দিব আগতেই গম পোৱা যাই কাৰণ খবৰি বহুত থাকে। চিনেমা দিয়া কেইদিন অলপ আগতীয়াকৈ ভাতটো গিলি থও। সুহুৰি আৰু উকি বাজিলেই দৌৰিব লাগে। এইবোৰ আমাৰ সংকেত বা ছিগনেল আছিল। বাগানৰ মাজে মাজে নিজান ৰাস্তাত যাবলগীয়া হয় গতিকে দল বান্ধি যোৱা হয়। ঘৰৰ পৰা ওলাই যোৱা হয় গতিকে তিনি শ্ব চাইহে ৰাতিপুৱা ঘৰলৈ অহা হয়। দিনত অলপ সময় শুই আকৌ সন্ধিয়া যাবলৈ হয়েই। সেইকেইদিন মুখত অকল চিনেমাৰ সংলাপেই থাকে। 

স্নেপশ্বট-২
দেউতা কাটনিবাৰী চাহ বাগিচাৰ কৰ্মচাৰী আছিল। সেইসূত্ৰে মোৰ জন্ম বাগিচাতে। অ আ ক খ বাগিচাৰ বিদ্যালয়ৰ পৰাই গ্ৰহণ কৰিছিলো। বাগিচাৰ প্ৰতি এক বেলেগ টান আছে। এক বিশেষ কাৰণত যোৰহাটৰ কাটনিবাৰী চাহ বাগিচাৰ পৰা তিনিচুকীয়াৰ হাতীজান চাহ বাগিছালৈ আহিব লগা হল। ইয়াত বাগিচাৰ ওচৰৰে হাইস্কুলত অধ্যয়ন কৰিছিলো। গতিকে মোৰ সৰহসংখ্যক লগৰীয়া বাগিচাৰে আছিল। তেওঁলোকৰ পৰা শিকিছিলো কাঠী নৃত্য বা লাঠি নাচ, ঝুমুৰ, ডমকইচ, বজাব শিকিছিলো মাদল বা মাণ্ডল, আৰু বহুতো। এটা সময়ত বাগিচাত আটাইতকৈ বেছিকৈ নাচ গান কৰা মানুহজন মই আছিলো। গাৰ্ডেন শ্ব মোৰ জীৱনৰ এক এৰাব নোৱাৰা বিষয় আছিল। সাধাৰণতে মাহত এবাৰকৈ বাগানত চিনেমা দেখুওৱা হৈছিল। পূজা, দিপাৱলী এইবোৰত তিনি চাৰি দিনলৈকে চিনেমা চলিছিল। আমি যেতিয়া হাইস্কুলত পঢ়িছিলো তেতিয়া ডিব্ৰুগড়ৰ পৰা ৰঙা ৰঙৰ এখন গাড়ী আহিছিল চিনেমা দেখুওৱাবলৈ। গাড়ীখন আহিলেই আমি দৌৰ মাৰো পিছে পিছে। কেতিয়াবা বেয়া হৈ যোৱা ৰিল বা নিগেটিভ বোৰ আমাক দিছিল। ঘৰলৈ আহি বিছনাৰ তলত সোমাই টৰ্চৰ পোহৰত সেইবোৰ চাইছিলো। সেইসময়ৰ চিনেমাবোৰ ভক্তিমূলক, ৰোমাণ্টিক, কমেডী আৰু এক্সনধৰ্মী আছিল। এতিয়াও মনত পৰে 'ঝনক ঝনক পায়েল বাজে' আৰু 'নদীয়া কে পাৰ' আৰু বহুতো চিনেমা একেলেঠাৰিয়ে ৫বাৰ বেলেগ বেলেগ বাগানত চোৱা মনত আছে। 'ঝনক ঝনক পায়েল বাজে' চিনেমাখনৰ পৰাই নিজকে হিৰ আৰু প্ৰেমিক হিচাপে ভাবিবলৈ আৰম্ভ কৰিছিলো। পূজাৰ সময়ত চানা বাদামৰ দোকান দিছিলো, ভলণ্টিয়াৰ হৈছিলো। 

দুটা স্নেপশ্বট, দুজন বিশেষ ব্যক্তি, ঠাই বেলেগ বেলেগ, সময়ৰ পাৰ্থক্য কিন্তু গাৰ্ডেন শ্বৰ মাদকতা একেই। গাৰ্ডেন শ্ব মনে প্ৰাণে উপভোগ কৰা লোকহে বুজি পায় ইয়াৰ আচল মাদকতা। সাধাৰণতে বাগিচাৰ ফিল্ডত চিনেমা বা গাৰ্ডেন শ্ব পতা হয়। কিছুমান অঞ্চলত মাহত এবাৰ বা আন কিছুমান অঞ্চলত পূজা তথা বিশেষ দিনত চিনেমা দেখুওৱা হৈছিল। বাগিচা অঞ্চলৰ লোকসকলৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিবলৈ এই গাৰ্ডেন শ্ব পতা হৈছিল। 
গাৰ্ডেন শ্ব বা চিনেমাৰ দিনাখন বাগিচাত এক উৎসৱমুখৰ পৰিবেশ হয়। পূজাৰ সময়ত ডাঙৰ মেলা বহে। চাৰিওফালে বিভিন্ন ধৰণৰ দোকান। চানা বাদামৰ দোকান, ৰিং খেলৰ দোকান, অন্য কিছুমান দোকান, হোটেল এইবোৰ শাৰী শাৰীকৈ এটাৰ পিছত এটাকৈ সজাই বনোৱা হয়। ফিল্ডৰ মাজত বগা কাপোৰৰ এখন পৰ্দা দিয়া হয়। পৰ্দাৰ দুয়োফালে বহি চিনেমা চাব পাৰে লগতে চাউণ্ডৰ সুব্যৱস্থা কৰা হয়। কি কি চিনেমা দেখুওৱা হব ৰাতিপুৱাই কাৰ্টুন এটুকুৰাত লিখি মেচিনৰ ওচৰত ওলোমাই থোৱা হয়। সাধাৰণতে দিনৰ পৰাই চিনেমা চাবলৈ কুচকাৱাজ কৰা দেখা যায়। দিনতে বা সন্ধিয়া সময়ত বস্তা, বিচনা, চকী যিয়ে যি পাৰে লৈ নিজৰ নিজৰ ঠাই জব্দ বা অধিগ্ৰহণ কৰি লয়। যাতে কোনো কষ্ট নোপোৱাকৈ চিনেমা চাব পাৰে। 
ফিল্ডলৈ সোমাই যাবলৈ প্ৰৱেশদ্বাৰৰ ব্যৱস্থা কৰা থাকে। তাত ভলণ্টিয়াৰ কেইজনমান থাকে। একেবাৰে আৰ্মিতকৈ চৰা। কিবা গণ্ডগোল লাগিলে সুন্দৰকৈ পৰিচালনা কৰে। বেছি জটিল হোৱা দেখিলে আন্ধাৰৰ চুকত নি মসৃণ কোব দি ঠাণ্ডা কৰাও হয়। সন্ধিয়াৰ পৰিবেশটো অদ্ভুদ হয়। এফালে ঢাকৰ শব্দ, ধুপ ধুনা, চাকিৰ গোন্ধ, অস্হায়ী দোকানত ঢিমিক ঢামাককৈ জ্বলি থকা কেৰাচিনৰ চাকি, হোটেলৰ পৰা অহা গোন্ধ, মানুহৰ হাই উৰুমি তথা উকি, অভিনেতা অভিনেত্ৰীৰ সংলাপ ৰ মিশ্ৰণত সৃষ্টি হয় অপূৰ্ব পৰিবেশ। এই অদ্ভুদ পৰিবেশৰ আমেজ যিয়ে পাইছে বা লৈছে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। চিনেমাৰ মাজে মাজে কাঠৰ বাকচ এটা পেটত ওলমাই "এ চানা, তামোল পাণ, বিড়ি চিগাৰেট" বুলি চিঞৰি চিঞৰি দুই এজন ঘুৰি ফুৰে। তেওঁলোক লগতে বেগ এটাও লৈ ফুৰে। বেগত ৰঙীণ পানীৰ দুই চাৰিটা বটল লৈ ফুৰে।কাৰোবাৰক লাগিলে থাওকতে দি যায়। 
চিনেমা চলি থকাৰ মাজতে হাই উৰুমি হৈ থাকে। মাজে সময়ে একেলগে দুখন চিনেমাও চলি থাকে। মানে ৰিল চিনেমা আৰু ৰিয়েল চিনেমা একেলগে। কেতিয়াবা কোনোবাই থিয় হৈ গলে বাকীবোৰে সমস্ত গোষ্ঠী উজাৰি গালি শপনি পাৰে। বেলেগৰ ঠাইত বহিলেও হুলস্থুল, চিনেমাৰ দুখলগা সময়তো সুহুৰি মৰা, হঠাতে চিনেমা বন্ধ হৈ গলে, ৰিল কাটি দিলে মৃদু চিঞৰ দুই এটা ওলায়। কেতিয়াবা আকৌ ৰিল বদলি কৰা বা মেচিন চলোৱা মানুহজন ভাগৰ মাৰিবলৈ কৰবাত বহিলে লুকাই যায়। তাক বিচাৰি আনি আকৌ চিনেমা আৰম্ভ কৰা। আকৌ কাজিয়া লাগিলে লিডাৰ এজন গৈ প্ৰজেক্টৰৰ পোহৰৰ আগত থিয় হৈ দিয়ে। যেতিয়ালৈকে বিচাৰ নহয় তেওঁলোক তাতে থিয় হৈ থাকে। এনেবোৰ হাস্যকৰ দুই এটা ঘটনা মাজে মাজে ঘটিয়েই থাকে। বিৰতিৰ সময়ত কেচা বুট, টেঙা কমলা, প্ৰেয়সীক মিঠা পান যোগাৰ কৰি দিয়া এইবোৰ মাজে মাজে চলি থাকে। 

(বি:দ্ৰ: এই সমগ্ৰ পৰিবেশ ১৯৮০-৯০ চনৰ। সেই সময়ৰ পৰিবেশ আৰু এতিয়াৰ পৰিবেশৰ মাজত বহু পাৰ্থক্য আছে। সেই সময়ৰ মাদকতা এতিয়া কিছু পৰিমাণে কম। ওপৰত উল্লেখ কৰা দুয়োজন ব্যক্তি মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। দুয়োগৰাকী সাহিত্য সাংস্কৃতিক দিশত দখল থকা ব্যক্তি। এজন শ্ৰী কৈলাশ গগৈ আৰু আনজন শ্ৰী অনুপ বেজবৰুৱা। নৃত্য গীত বাদ্য নাটক ভাওনা সকলোতে নাম থকা ব্যক্তি।)

🖋️বিনয় মুণ্ডা 
খোৱাং, ডিব্ৰুগড়।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post