মাকৰ দৰে (চুটিগল্প)

ৰশ্মি  বাইদেৱে   বিদ্যালয়লৈ আহোতে  বাটতে আজি  বুধনীৰ লগত ভেটাভেটি হ'ল ।   বুধনী চৱৰ । পঞ্চম শ্ৰেণীৰ ছাত্ৰী । কেইবাদিনো  বিদ্যালয়লৈ  যোৱাই নাই । বাইদেৱে  বুধনীক ওচৰলৈ মাতিলে । বুধনীয়ে  হঠাৎ  ওচৰতে থকা ডাঙৰ নলাটোত জাপ মাৰি  নলাই নলাই দৌৰিবলৈ ধৰিলে  ।  মাজে- মাজে পিঠিৰ কেঁচুৱাটোকো চুই চাইছে । ৰশ্মি বাইদেৱে  -- দৌৰ নামাৰিবা , দৌৰ নামাৰিবা বুলি চিঞৰিয়েই থাকিল । বুধনীয়ে নিমিষতে বাগানৰ কোনোবা এটা গলিত লুকাই পৰিল ।
           দিনটো ৰশ্মি বাইদেউৰ মনটো বেয়া লাগি থাকিল  । বিদ্যালয় ছুটীৰ পিছত ৰশ্মি বাইদেৱে  পোনে পোনে বুধনীহঁতৰ ঘৰলৈ খোজ দিলে ।  পুৱাৰ ঘটনাটো মনত পৰাত তাই বুধনীহঁতৰ কাষৰ ঘৰটোত সোমাল । কিজানি বা  এতিয়াও পলায় ! তাৰ পৰাই তাই বুধনীলৈ চাই পঠিয়ালে । কি মৰ্মান্তিক দৃশ্য !  বুধনীয়ে পিঠিত এটা কেঁচুৱা লৈ বাকী তিনিটা ভাই-ভনীৰ যত্ন লৈ আছে । কোনোবা এটাক  ভাত দিছে । আন এটাক পানী । পিঠিত থকা কেচুৱাটিয়ে আকৌ তাইৰ গাৰ ওপৰতে মল- মূত্ৰ ত্যাগ কৰিছে । তাই টাকুৰি ঘূৰাদি ঘূৰি-ঘূৰি কামবোৰ কৰি আছে । 
            বাপেক- মাক কামৰ পৰা অহাৰ লগে লগে ৰশ্মি বাইদেৱে  সিহঁতৰ ঘৰলৈ  গৈ বুধনীয়ে স্কুললৈ নোযোৱাৰ কাৰণ জানিব বিচাৰিলে । " বেটি ছানা  ঘৰে কাম কৰতে লাগবেক   "--- বুলি কৈ বাপেক ওলাই গ'ল । মাকে ক'লে--- " বুধনী স্কুল গেলে এদেৰকে কে দেখবেক ? হামি ত কাম যাতেই লাগবেক । কি খাৱাব নহ'লে এদেৰকে ? দিনমে ত ওহেই  এদেৰ মা । স্কুল যাতেই লাগে যদি "ছুৱা পদৰী "  একটা হামাকে আনে দে । " ৰশ্মি বাইদেৱে দেখিলে বুধনীয়ে তেতিয়াও পিঠিত কেঁচুৱাটি লৈ চোতাল সাৰি আছে ।  বাইদেউ বাক্ ৰুদ্ধ হৈ পৰিল...

📝ৰীতা গোৱালা 

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post