আমি আমাৰ অধিকাৰ নিজে আনলৈ আগবঢ়াই দিছো নেকি - এক পৰ্যালোচনা

আমি অসমৰ বৃহত্তৰ জনসংখ্যা থকা জনগোষ্ঠী চাহ জনগোষ্ঠী বা আদিবাসী। অতীতৰ পৰা বৰ্তমানলৈকে দুটা নামৰ একে লোকৰ মাজত বেলেগ বেলেগ ধাৰনা। ই যি কি নহওক কিয় কিন্তু চৰকাৰী ভাৱে চাহ জনগোষ্ঠী নামত সকলো ধৰণৰ সুবিধা সমূহ প্ৰদান কৰা হয়। বৰ্তমান আমি সকলোৱে গম পাইছো যে আমি আমাৰ অধিকাৰ অনা চাহ জনগোষ্ঠীৰ হাতত অৰ্পণ কৰি দিছো। এইয়ে আমাৰ সুবিধা সমূহ যাতে অনা চাহ জনগোষ্ঠীৰ লোক সকলে লব নোৱাৰে তাৰ বাবে আমিও কিছু পৰিৰ্ৱতন অনাৰ প্ৰয়োজন আছে। আমাৰ জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ বাবে যি সমূহ অনুষ্ঠান -প্ৰতিষ্ঠান ,মঞ্চ গঢ় লৈ উঠিছে বা গঠন কৰা হৈছে ই লাগিলে ৰাজনীতি হে হওঁক বা অ ৰাজনীতি নহওক কিয় সকলো স্তৰত অনা চাহ জনগোষ্ঠীৰ লোকসকল শীৰ্ষ স্থানত আগবঢ়াই দিয়াটো আমাৰ কাৰণে বিপদজনক। কিয়নো এই অনা চাহ জনগোষ্ঠীৰ লোকসকল এই মঞ্চ সমূহৰ সুবিধা লৈ নিজকে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ পৰিচয় দি চৰকাৰী ভাৱে কু - বুদ্ধিৰে জাতিগত প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হৈছে।। যিহেতু অসমত এই জনগোষ্ঠীটোৰ জনসংখ্যা অধিক আৰু চৰকাৰৰ সুবিধা সমূহ সীমিত এনে পৰিস্থিতিত অনা চাহ জনগোষ্ঠীৰ লোকসকল যদিহে সুবিধা লাভ কৰিবলৈ সক্ষম হব ই কিন্তু আমাৰ কাৰনে এক ডাঙৰ সমস্যা। আমি যদি অতীতৰ পৰা বৰ্তমান লৈকে চাও তেন্তে গম পাম যে চাহ জনগোষ্ঠীৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিভিন্ন বিভাগত যেনে উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, মেডিকেল শিক্ষা আদি সমূহত কিছু সংৰক্ষিত আসন থাকে এই আসন সমূহতো অনা চাহ জনগোষ্ঠীৰ নাম আমি দেখা পাওঁ। অকল এইয়া নহয় এই জনগোষ্ঠীটোৰ শিক্ষা অনুষ্ঠানত শিক্ষা লৈ থকা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকৰ দ্বাৰাই বিশেষ জলপানি দিয়া হয় আৰু এই জলপানি সমূহৰ নিৰ্বাচিত নাম তালিকাত অনা চাহ জনগোষ্ঠীৰ নাম সাঙুৰ খাই থাকে। ইয়াৰ উদাহৰণ আমি এই বৰ্ষৰ 2019-20 বৰ্ষৰ সকলো বিভাগৰ জলপানি আৰু শ্বহীদ দয়াল দাস পানিকাৰ নামত জনগোষ্ঠীটোৰ নিবনুৱা যুৱক /যুৱতীক স্ব- নিৰ্ভৰশীলৰ বাবে এখন আঁচনি ৰূপায়ন কৰিছে সেই সমূহতো অনা চাহ জনগোষ্ঠীৰ নাম সংযোজিত হৈ থকা টো কিমান গ্ৰহন যোগ্য। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ ও বহু দায়িত্ব আছে অনা চাহ জনগোষ্ঠীৰ লোকসকল চাহ জনগোষ্ঠীৰ লোক সকলৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিব নালাগে আৰু কিছূ দিশত প্ৰমান পত্ৰ প্ৰদানত নীতিসমূহ সংশোধিত কৰিব লাগে। চৰকাৰৰ উপৰিও চাহ জনগোষ্ঠীৰ সকলো সচেতন লোকসকলে সকলো দিশত সংশোধন কৰি জনগোষ্ঠীটোৰ ভাষা -সংস্কৃতি, শিক্ষাৰ অধিকাৰ স্ব জাতিৰ গৰিমা আৰু অৱস্হিতি ৰক্ষা কৰিবলৈ আমি সকলোৱেই অনা চাহ জনগোষ্ঠীক আমাৰ মঞ্চ সমূহত সম্পূৰ্ণ ভাৱে প্ৰবেশ বন্ধ কৰি প্ৰকৃত চাহ জনগোষ্ঠীৰ লোকসকল সুযোগ -সুবিধা প্ৰদান কৰি জনগোষ্ঠীটোৰ ভৱিষ্যত প্ৰজন্ম ৰক্ষা কৰো আহক অন্যৰ্থে আজি যি ধৰণে আমাৰ অধিকাৰ সমূহ পাবলৈ সক্ষম হৈছে ভৱিষ্যতে কিন্তু কাঢ়ি নিব পাৰে ই আমাৰ কাৰনে এক প্ৰত্যাহবান।। 

📝নবীন নাগ, চাবুৱা 

মোবাইল নং-7002489069

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

1 Comments

Post a Comment
Previous Post Next Post