স্বজাতিৰ সৰ্বদিশৰে উন্নয়নৰ লক্ষ্যৰে ১৯৬৮ চনত গোলাঘাট জিলাৰ ৰঙামাটিত গঠিত হোৱা সদৌ অসম ৰবিদাস সন্মিলনৰ ২০২০ বৰ্ষৰ বাৰ্ষিক অভিৱৰ্তন আৰু সোণালী জয়ন্তী অনুষ্ঠান অহা ২৭, ২৮ আৰু ২৯ মাৰ্চত তিনিদিনীয়া এক বিস্তৃত কাৰ্যসুচীৰে গোলাঘাট জিলাৰ ৰঙামাটি আয়োজন কৰা হৈছে। তদুপলক্ষে ২৩ ফেব্ৰুৱাৰী ২০২০ তাৰিখে ৰঙামাটি চাহ বাগিচাৰ খেলপথাৰত সদৌ অসম ৰবিদাস সন্মিলনৰ উদ্যোগত, গোলাঘাট জিলা আৰু ৰঙামাটি আঞ্চলিক সমিতিৰ সহযোগত সোণালী জয়ন্তী অনুষ্ঠানৰ মূল লাইখুটা স্থাপন কৰা হয়। পুৱাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ সমবেত হৈ স্থানীয় নামঘৰৰ প্ৰাংগণৰ পৰা ভজন কীৰ্তন ,ঢোল বজাই ৰঙামাটি গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰি আনি বাগিচাৰ খেলপথাৰত লাইখুটা স্থাপন কৰা হয়। ইয়াৰ পাছতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি অনিত আগৰৱালা আৰু উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক অমৃত ৰবিদাসে। এই কাৰ্য্যসূচীত সদৌ অসম ৰবিদাস সন্মিলনৰ সভাপতি যোগেশ ৰবিদাস, সম্পাদক ৰাজেশ ৰবিদাস, উপদেষ্টা খগেন ৰবিদাস, গংগাৰাম ৰবিদাস, প্ৰাক্তন সভাপতি ৰামজিৎ ৰবিদাস, গোপাল ৰবিদাস, শিক্ষক জিতেন ৰবিদাস, সমিৰ ৰবিদাস, দিপেন ৰবিদাস, জলাহ সমাজৰ খচনুৰ আলি, ৰঙামাটি গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰেমলতা দাস, আঞ্চলিক সদস্য ভাৰতী ৰবিদাস, সমাজ সেৱক প্ৰফুল্ল হাজৰীকা, ৰঙামাটি বাগিচা সংঘৰ সভাপতি ৰঞ্চিত ৰবিদাস, সম্পাদক শ্ৰীকুমাৰ কুৰ্মী, ৰঙামাটি পঞ্চায়তৰ প্ৰাক্তন সভাপতি পদুম দাস, গাওঁবুঢ়া গান্ধী ৰবিদাস তথা ৰবিদাসিয়া ধৰ্ম সংগঠনৰ যুটীয়া সম্পাদক সুভন ৰবিদাস, শান্তি ৰবিদাস,পুৰুহিত বাজ্ঞু ৰবিদাসৰ লগতে আটছা দেৰগাঁও শাখা , অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, ৰবিদাস সন্মিলন গোলাঘাট জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক, গাওঁবুঢ়া মন্দলি, ৰঙামাটি ব্যৱসায় সন্থা, জলাহ সমাজ ,মাঝি সমাজ, ঠাকুৰ সমাজ, মাৰ্দী সমাজ, মুদি সমাজ, কৰ্মকাৰ সমাজ, ভৌজপুৰী সমাজ, কুৰ্মী সমাজ, মাহেলী সমাজ, ভূঞা সমাজৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
দুলাল ৰবিদাসৰ প্ৰতিবেদন
দুৰভাষ ৬০০২৩০৫২৬৯