আমাৰ সাংস্কৃতিৰ এটা বিশেষ অংগ হিচাপে ঝুমুইৰৰ কথা সকলোয়ে জানে বা অবগত ।আৰু আমি জানো ঝুমুইৰ কৃষি ,মিলাপ্ৰিতি, একতা, ভ্ৰাতৃত্ববোধৰ প্ৰতিক। মোৰ সাধাৰণ দৃষ্টিত ঝুমুইৰ নৃত্য বহু ৰসহ্য তথা মানুহক কিছুমান শিক্ষা দি যায় বুলি মই ভাৱো! বিভিন্ন পণ্ডিত তথা শিক্ষিত আদিবাসী চাহ জনগোষ্ঠিৰ লোকসকলে ঝুমুইৰৰ বিষয়ে তেওঁলোকৰ মত আমি প্ৰায়ে শুনিবলৈ পাওঁ । কিন্তু তেওঁলোকৰ দৰে মইয়ো ভাৱিবলৈ চেষ্টা কৰি প্ৰত্যক্ষ কৰিলো যে আমাৰ আদিবসী তথা চাহ জনগোষ্ঠীৰ এই বিশেষ সম্পদে আমাক কৈ যায় ঐক্যবদ্ধভাৱে থাকিবলৈ আৰু কয় সকলোকে মিলিত ভাৱে খোজ দিবলৈ। আমি ঝুমুইৰ নাচোতে এজনে আনজনক ধৰি লওঁ আমি নাচি থকা সময়ত শত্ৰু আছে নে মিত্ৰ আছে আমাৰ লগত সেইবোৰ লক্ষ্য কৰা নহয় ,অথচ আমি শত্ৰু মিত্ৰ মিলিত হৈ আমি এক । আৰু আমি ঝুমুইৰ নাচোতে আমাৰ সকলোৰে ভৰিৰ খোজবোৰ আমি একে লগে দিওঁ ইয়াৰ অৰ্থ আমি আমি সকলো সমানে আগবাঢ়ি যোৱাৰ কথা ক'ব পাৰো! সাধাৰণতে আমাৰ ঝুমুইৰ নাচে কথা ক'ব বিচাৰে যিবোৰ আমি ফহিয়াই চালে হইতো দেখা পাব পাৰো! আমি আমাৰ ঝুমুইৰ নৃত্যক আনন্দত আত্মষাৰা হৈয়ো এই ঝুমুইৰত মগ্ন হওঁ, আজি কালি ঝুমুইৰ গীত আৰু নৃত্য তথা নাচ ,বহু লোকে ভাল পোৱা হৈছে আৰু বহু নতুনত্ব আনিছে কিন্তু আমি আগৰ সেই পৰম্পৰা পাহৰি গ'লে নহ'ব ! বহু কথা লিখিবলৈ মন যায় কিন্তু আজি কালি বহু কথাত লিখা লিখনিবোৰে পাঠকসকল পঢ়ি আমনি পাই বুলি সহজ সৰল কথাৰে আপোনালোকৰ আগত আলোকপাত কৰিলো।
✍ৰিন্টু কুৰ্মী
৭০৮৬২১১৪৭৮