অসমৰ চাহ জনজাতিৰ লোকসকলক স্বনিয়োজনৰ সুবিধা কৰিবপৰাকৈ দক্ষতা বিকাশ কৰাবৰ বাবেই এই প্ৰকল্পটো হাতত লোৱা হৈছে । বিশেষকৈ সীমান্তৱৰ্তী বা দূৰত অৱস্থিত গ্ৰাম্য অঞ্চলসমূহত এনে সা-সুবিধা নথকাৰ পৰিপেক্ষতিতত এই প্ৰকল্পটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।
মুঠ ৫১খন SDKCৰ ভিতৰত ৪০খন SDKC ক ইতিমধ্যেই M/S H P Institute of Insurance for Operation and Maintenance ক চৰকাৰ-কোম্পানীৰ অংশীদাৰী হিচাপত ১৯-০৯-২০১২তাৰিখৰ পৰা দি দিয়াৰ হৈছে ।
দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ সৱিশেষ তালিকা তলত দিয়া হ’ল:
চৰকাৰ-কোম্পানীৰ অংশীদাৰিত্বৰে চলিব লগীয়া আইটিআই চৌহদৰ ভিতৰত থকা ১১ টা কেন্দ্ৰ এতিয়াও কোম্পানিক চলাবৰ বাবে চমজাই দিয়া হোৱা নাই ।
ইয়াতে উল্লেখ কৰিব পাৰি যে ভিন্ন দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ এতিয়ালৈকে সৰ্বমুঠ ৮৪২১ জন প্ৰশিক্ষাৰ্থীয়ে বিভিন্ন বিভাগত প্ৰশিক্ষণ ল’বৰ বাবে নামভৰ্তি কৰিছে । ইয়াৰে ৪২৭০জনে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰিছে । এই সমাপ্ত কৰা ৪২৭০জনৰ ভিতৰত ২৮৭১জনে NCVTৰ দ্বাৰা আয়োজিত প্ৰমাণপত্ৰৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিলে ।ইয়াৰে আকৌ NCVTৰ পৰা প্ৰমাণ পত্ৰ পোৱা ১৪২৫জনক বিভিন্ন কোম্পানীত চাকৰি দিয়া হৈছে ।
টাৰ্ণাৰ, ফিটাৰ, ৱাৰমেন, ড্ৰাইভিং, ৰেডিঅ-টিভি মেকানি, মোবাইল ফোন ৰেপেৰিং, সৌন্দৰ্য বিশেষজ্ঞ, কেশ-বিন্যাস বিশেষজ্ঞ, কাটিং-নিটিং, এমব্ৰইডাৰী আদি অন্যান্য বিষয়ৰ প্ৰশিক্ষণ দিয়াবৰ বাবেও যথেষ্ট পদক্ষেপ হাতত লোৱা হৈছে ।
বৰ্তমানে এনে প্ৰশিক্ষন এইকেইটা বিষয়ত দি থকা হৈছে – ইলেক্ট্ৰিছিয়ান, কাঠৰ মিস্ত্ৰী, পানীযোগানৰ মিস্ত্ৰী, পকা-মিস্ত্ৰী,কম্পিউটাৰ চালন, বহুমুখী ঘৰুৱা কৰ্মী, কাটিং আৰু টেইলৰিং, জীৱন-বীমা, বেংকিং আৰু একাইণ্টেন্সী ।
তথ্য সংগ্ৰহ : https://ttwd.assam.gov.in