কেন্সাৰ বা তেনেধৰণৰ ৰোগৰ ৰোগীৰ বাবে অনুদান


লক্ষ্যঃ

এই আঁচনিৰ মূল উদ্দেশ্য হল কৰ্কট, টিবি বা তেনে কোনো ৰোগত আক্ৰান্ত চাহ জনজাতীয় ৰোগীক অতিৰিক্ত সহযোগীতা হিচাপে একক অনুদান আগবঢ়োৱা ।

পাৰ্থি‌ৱ লক্ষ্যঃ

এই আঁচনিৰ পাৰ্থি‌ৱ লক্ষ্যটো বিত্তীয় সাহাৰ্যৰ বাবে আবেদন কৰা আবেদনকাৰীৰ যিসকল অৰ্হতা তেওঁলোকৰ ৰোগৰ ভিত্তিত যোগ্য বুলি বিবেচিত হোৱাৰ ওপৰত নিৰ্ভৰ কৰিব ।

অনুদানৰ হাৰঃ

অনুদানৰ হাৰ বেলেগ বেলেগ শ্ৰেণীৰ বাবে অধিকাংশতে ১০,০০০ ৰ পৰা ৩০,০০০ লৈ নিৰ্ধাৰণ কৰা হৈছে আৰু বিশেষ ক্ষেত্ৰত ১লাখলৈকে ধাৰ্য কৰা হৈছে।অৱশ্যে সম্পূৰ্ণ শুদ্ধ অনুদানৰ হাৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ দ্বাৰা সেই কমিতিৰ আন সদস্যসকলৰ সৈতে আলোচনা মৰ্মে নিৰ্ধাৰণ কৰা হব।

ৰূপায়নৰ এজেন্সীৰ নাম

চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

বৈশিষ্ট

টিবি, কেন্সাৰৰ দৰে বেমাৰত ভোগা চাহ জনাজাতিৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীয়ে কিছু আৰ্থিক অনুদান লাভ কৰিব।

State Standing Committee for Plantation Workers য়ে ধাৰ্য্য কৰা ৰোগৰ তালিকাৰযোগ্যতাৰ বাবে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব।

হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা

তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ

ক) হিতাধিকাৰী ভাৰতীয় নাগৰিক হোৱাতো বাঞ্ছনীয়।

খ) চাহ জনজাতীয় প্ৰাৰ্থীয়েকৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰদান কৰা TGL প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব যিটো অনুদান লাভৰ বাবে অপৰিহাৰ্য হব।

ঘ)হিতাধিকাৰী এটা পৰায়ালৰ পৰা এজনহে নিৰ্বাচন কৰা হব যাতে অধিক পৰিয়াল এই অনুদানৰ আওতালৈ আহিব পাৰে।

ঙ)হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত বিধৱা/বয়সস্ত/অবিৱাহিত/শাৰিৰীক ভাৱে বিশেষ সক্ষম/ BPL পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হব।

চ)ৰোগৰ সৱিশেষ উল্লেখ থকা আৰু চিকিত্সাধিন হৈ থকা পঞ্জীকৃত ডাক্টৰৰ দ্বাৰা প্ৰদান কৰা আৰু কোনো চৰকাৰী হাস্পাতালৰ চিকিত্সা বিষসাৰ দ্বাৰা স্বাক্ষৰিত মেডিকেল প্ৰমাণ পত্ৰ আবেদন প্ৰ-পত্ৰৰ সৈতে গাঁঠি দিব লাগিব।

তথ্য সংগ্ৰহ # https://teatribes.assam.gov.in/

Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment (0)
Previous Post Next Post