যোৱা ইং ২৫/০১/২0১৬ তাৰিখ সোমবাৰে নেহৰু যুৱ কেন্দ্রৰ উদ্যোগত ডিব্ৰুগড়ৰ বৰপথাৰ খেলপথাৰত আয়োজিত এখন যুৱ সমাৰোহত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী সৰ্বনন্দ সোণোৱালে কৈ যে ৰাজ্য ১৪ খনজিলাৰ বাগিচা অধ্যষিত অঞ্চলত চাহ শ্ৰমিক সকলৰ সন্তানসকলৰ অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নৱোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে । নামমাত্ৰ মজুৰি লাভ কৰা চাহ শ্ৰমিক সকলে ইচ্ছা থাকিলেও ধনৰ অভাৱত সন্তানসকলক বিদ্যালয় নামভৰ্তি কৰিব নোৱাৰে । তেওঁলোকৰ এনে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে ১৪ খন জিলাৰ বাগিচাপ্ৰধান অঞ্চলত নৱোদয় বিদ্যালয় প্ৰতিষ্ঠা দৰে সিদ্ধান্ত লয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।